Revelation of John 5

ঈশ্বৰৰ মেষ পোৱালিৰ স্বৰ্গীয় মহিমা

1তেতিয়া মই দেখিলোঁ ‘সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷ 2মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে, যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?

3স্বৰ্গত বা এই জগতত বা এই জগতৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই নুৰাটোৰ ভিতৰফালে চাব নোৱাৰিলে। 4তেতিয়া মই অনেক ক্ৰন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলিব বা ভিতৰফাল চাবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ’ল। 5কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহুদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ,
5:5 আ ৪৯:৯,১০; যিচ ১১:১,১০৷
তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।

6তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেষ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা। 7তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷

8যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেষ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ
5:8 গীত ১৪১:২৷
সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।

9আৰু তেখেত সকলে এটি নতুন গীত গালে:

‘নুৰাটো ল’বলৈ আৰু তাৰ চাব মেলিবলৈ
আপুনি যোগ্য৷
কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে
সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে
5:9 পাঁ ২০:২৮৷

10আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে,
তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব’।

11তেতিয়া মই চাওতে, সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা ২০০,০০০,০০০ আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷

12তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে,

   “হত হোৱা যি মেষ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।

13আৰু স্বৰ্গত, এই জগতত, এই জগতৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে, সেই সকলোৱে কোৱা শুনিলোঁ,

   “সিংহাসনত বহি থকা জন আৰু মেষ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।

আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।

14

Copyright information for AsmULB